আমাক কিয় চয়ন কৰিব?

  আমাৰ দৃষ্টিকোণ



১৭৫ বছৰৰ অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰখনে পৰোক্ষ বা প্ৰত্যক্ষভাৱে ৫০ লাখৰো অধিক লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে আৰু সেইবাবে বহু পৰিয়াল এই উদ্যোগৰ উন্নয়নত ভৰসা কৰে। চাহনিৰ জৰিয়তে আমাৰ প্ৰধান লক্ষ্য হ'ল বৰ্তমান পৰিস্থিতিৰ উন্নতি সাধন কৰা আৰু এটা লাভজনক জীৱিকাৰ পথ ৰূপে প্ৰতিষ্ঠা কৰা। আমি বিশ্বাস কৰো যে আমাৰ নিৱেদিত সেৱাই তৃণমূল পৰ্যায়ত গুণগত মান নিয়ন্ত্ৰন আৰু তদাৰকীয়ে ক্ষুদ্ৰ চাহৰ ক্ষেত্ৰ খনৰ উন্নতিকৰণত সহায় কৰিব।

আমাৰ এই সেৱাই ক্ষুদ্ৰ চাহ খণ্ডৰ লগত জড়িত সকলৰ আৰ্থসামাজিক অৱস্থাৰ উন্নতিৰ লগতে বিশ্ববজাৰতো অসমৰ চাহে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব। গুণগত মান পৰীক্ষা, প্ৰশিক্ষণ, সচেতনতা আৰু শিক্ষাই চাহনিৰ লক্ষ্য আৰু তৃণমূল পৰ্য্যায়ত পৰিৱৰ্তনৰে উৎপাদিতক লৈ খেতিয়ক সকলে গৌৰৱবোধ কৰিব। এই লক্ষ্য বাস্তৱত পৰিণত কৰাৰ উদ্দেশ্য আগত ৰাখি অসমৰ যুৱক সকলেৰে কাম কৰি যোৱাই চাহনিৰ লক্ষ্য অসমৰ ক্ষুদ্ৰ চাহ খণ্ডই সম্পূৰ্ণ চাহ উদ্যোগৰ ৫০ শতাংশ অধিকাৰ কৰি আছে আৰু ক্ষূদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদন আৰু মানদন্দ জনিত সমস্যাবোৰ দিনক দিনে বাহি গৈ আছে।

আমাৰ প্ৰচেষ্টাই চাহ খেতিৰ লগত জড়িত সম্পূৰ্ণ প্ৰক্ৰিয়াক ডিজিটেল প্ৰক্ৰিয়াৰ লগত সংযোজন কৰি অসংগঠিত ক্ষূদ্ৰ চাহ খেতিৰ উদ্যোগ খনক এক সংগঠিত প্ৰক্ৰিয়ালৈ আনি ক্ষূদ্ৰ চাহ খেতিয়ক সকলক উপকৃত কৰাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰ কৃষি প্ৰণালীৰ প্ৰচলনে অসমৰ চাহক এক নতুন ৰূপত বিশ্ববজাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব।

চাহনিৰ দক্ষতা সমূহ:

আমাৰ গুৰুত্বপূৰ্ণ দক্ষতা সমূহ যেনে উৎপাদন বৃদ্ধি, চাহ বিশেষজ্ঞ, বিশ্লেষক আৰু মাৰ্কেট ৰিচ ইত্যাদি...

উৎপাদন বৃদ্ধি

85%

চাহ মানদন্দ বিশেষজ্ঞ

89%

ডাটা বিশ্লেষক

93%

মাৰ্কেট ৰিচ

80%

আমাৰ সদস্য় সকল

জে ৰূপাশ্ৰী

সহ প্ৰতিষ্ঠাপক

+91 9613853830
+91 8638259381

  roopa.shree@sahoni.in

চন্দ্ৰহাস গোস্ৱামী

সহ প্ৰতিষ্ঠাপক

+91 9613853830
+91 8638259381

  chandrahas.goswami@sahoni.in

প্ৰানদীপ বৰকাকতী

সহ প্ৰতিষ্ঠাপক

+91 9613853830
+91 8638259381

  prandeep.borkakoti@sahoni.in

Supported By