চাহনি

পৰিৱৰ্তনৰ দৃষ্টিপাত...

চাহনিলৈ স্বাগতম

অসমৰ চাহ উদ্যোগ ব্ৰিটিছ সকলে আৰম্ভ কৰাৰ পৰাই অসমৰ কৃষি খণ্ডৰ এক অভিন্ন অংশ হৈ পৰিছে। ১৯৭৮ চনত তেতিয়াৰ কৃষি মন্ত্রী প্ৰয়াত সোনেশ্ৱৰ বৰা দেৱে ক্ষূদ্ৰ চাহ খেতিৰ পোষকতাৰে অসমৰ নিবনুৱা যুৱক সকলক উৎসাহিত কৰিছিল আৰু এই সুদূৰ প্ৰসাৰী চিন্তাই বৰ্ত্তমান মূঠ চাহ উৎপাদনৰ ৫০ শতাংশই ক্ষূদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত পাতৰ পৰা তৈয়াৰ হয়।

বহু সহায়ক সংস্থা যেনে ভাৰতীয় চাহ বৰ্ড, টোকলাই চাহ ৰিচাৰ্চ চেন্টাৰ, ক্ষূদ্ৰ চাহ খেতিয়ক সংস্থা আদিয়ে ক্ষূদ্ৰ চাহ খেতিয়ক সকলক সকলো দিশত সহায় কৰি আহিছে। আমি চাহনিৰ পৰা বিশ্বাস কৰো যে আমাৰ প্ৰচেষ্টাত চাহ খেতিৰ লগত প্ৰত্য‍‌‌ক্ষ বা পৰোক্ষ ভাৱে জৰিত অসমৰ ২৫ লক্ষ্যাধিক লোক উপকৃত হব। ক্ষূদ্ৰ চাহ খেতি খণ্ডৰ উৎপাদন বৃদ্ধি, গুণগত মান উন্নত কৰা আৰু খেতিয়ক সকলক মৰ্যাদা দিয়াই আমাৰ লক্ষ্য। প্ৰযুক্তি বিজ্ঞানৰ জ্ঞান, কীট পতংগ নিয়ন্ত্ৰণ, ৰাসায়নিক আৰু জৈৱিক সাৰৰ উচিৎ ব্যৱহাৰ ইত্যাদিয়ে কৃষক সকলক অধিক উৎপাদনত সহায় কৰিব আৰু চাহ খেতিৰ প্ৰসাৰতা বাহিব। ই প্ৰত্য‍‌‌ক্ষ বা পৰোক্ষভাবে নিয়োজনৰ পথ মুকলি কৰাৰ লগতে স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব।

অপৰিকল্পিত ভাৱে গঢ়লৈ উঠা ক্ষূদ্ৰ চাহ খেতিৰ ক্ষেত্ৰ খনক এক উমৈহতীয়া বাণিজ্যিক ক্ষেত্ৰলৈ পৰিণত কৰিলে প্ৰতিজন খেতিয়কেই উপকৃত হোৱাৰ লগতে উৎপাদন, যোগাযোগ আৰু আৰ্থিক ভাৱে লাভাম্বিত হব। এনে তথ্য আৰু প্ৰযুক্তিৰ যুগত এনে সেৱাৰ জৰিয়তে অসমৰ গ্রামাঞ্চলৰ চাহ খেতিৰ জগত খনলৈ পৰিৱৰ্তনৰ সূচনা আনিব।

উদ্দেশ্য সমূহ

মানদন্দ বিশ্লেষণ

উৎকৃষ্ট মানদন্দৰ কেচাপাতৰ উৎপাদনেই আমাৰ লক্ষ্য আৰু ইয়াৰ বাবে খেতিয়ক সকলৰ লগত চাহনিয়ে সেৱা আগবঢ়াই যাব।

উৎপাদন বৃদ্ধি

ক্ষূদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদন বৃদ্ধি আৰু বাণিজ্যিকভাৱে লাভাম্বিত কৰা।

মূল্য

কাৰখানা আৰু কালেক্টৰ সকলৰ দৈনিক পাতৰ মূল্য ক্ষূদ্ৰ চাহ খেতিয়ক সকলক অৱগত কৰা।

দৈনিক হিচাব

দৈনিক হিচাব সমূহ অনলাইন যোগে সহজ কৰি তোলা।

সহায়তা

চাহ বিশেষজ্ঞৰ দ্বাৰা আগবহুৱা সেৱাৰ জৰিয়তে উৎকৃষ্ট চাহ খেতিৰ বাবে সহায় কৰা।

ডিজিটেল প্লেটফৰ্ম

ক্ষূদ্ৰ চাহ খেতিয়ক, কালেক্টৰ আৰু কাৰখানা সমূহক এক উমৈহতীয়া ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে একত্ৰিত কৰা।

ক্ষূদ্ৰ চাহ খেতিয়ক

1200

এজেন্ট

113

কালেক্টৰ

523

কাৰখানা

313